ujvsss2005@gmail.com +91 8486024256

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়

শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বিজ্ঞানসম্মতভাৱে প্ৰতিষ্ঠিত এটা সত্য হৈছে—শিক্ষা আহৰণৰ বাবে নিজৰ মাতৃভাষাই সৰ্বোত্তম মাধ্যম। স্কুলীয়া তৰত মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশত গভীৰ প্ৰভাৱ পেলায় বুলি বিভিন্ন সমীক্ষাই প্ৰমাণ কৰিছে।

এই নীতিকেই সাৰোগত কৰি, সমাজৰ বৈজ্ঞানিক, কাৰিকৰী, অৰ্থনৈতিক, সামাজিক, ভাষা-সাহিত্য আৰু সাংস্কৃতিক সকলো দিশতে নতুন প্ৰতিভা সৃষ্টি আৰু গঢ় দিয়াৰ উদ্দেশ্যে ২০০৫ চনৰ ২০ মাৰ্চ তাৰিখে ইউনিটেৰিয়ান জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।

অসমীয়া ভাষা-সংস্কৃতি তথা জাতি কেতিয়াও নিঃস্ব বা দুর্বল নহয়। ই এক চহকী আৰু সবল পৰম্পৰাৰে সমৃদ্ধ। তথাপিও বৰ্তমান সময়ত বিৰাজ কৰা একধৰণৰ হীনমন্যতা পৰিহাৰ কৰি, আমি আত্মবিশ্বাসেৰে আগবাঢ়িছোঁ যে অসমীয়া ভাষাৰ মাধ্যমত শৃংখলাবদ্ধ আৰু মানসম্পন্ন পৰিবেশত ছাত্ৰ-ছাত্ৰীক উৎকৃষ্ট শিক্ষা প্ৰদান কৰিব পাৰি। নিজৰ পৰিচয় পাহৰি আৰু মূলৰ পৰা আঁতৰি যোৱাৰ ফলত সমাজৰ বিভিন্ন সমস্যাৰ সঠিক উপলব্ধি নকৰাকৈ দিশহাৰা নাগৰিক হৈ পৰাৰ সম্ভাৱনাৰ বিপৰীতে, এই বিদ্যালয়ত অৰ্হতাসম্পন্ন আৰু দায়িত্বশীল শিক্ষক-শিক্ষয়িত্ৰীৰ তত্ত্বাবধানত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি জ্ঞানৰ বিস্তৃত দিগন্তলৈ আগবাঢ়িবলৈ সক্ষম হয়। আধুনিক দৃষ্টিভংগীৰে তেওঁলোকক গঢ় দিয়া হয়।

বৰ্তমানৰ বহু শিক্ষানুষ্ঠানত দেখা পোৱা জঠৰতা, ব্যৱসায়মুখিতা আৰু বিভিন্ন আসোঁৱাহৰ বিপৰীতে, সময়ৰ নতুন নতুন প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাব পৰা ছাত্ৰ-ছাত্ৰী গঢ় দিয়াৰ প্ৰত্যাহ্বান ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে। বিস্তৃত পৰিকল্পনাৰে গঢ় দিয়া এই বিদ্যালয়খনৰ মূল লক্ষ্য হৈছে গুণগত শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক, সামাজিক, নৈতিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ বাবে এক সহায়ক আৰু সুস্থ পৰিবেশ সৃষ্টি কৰা।

বদ্যালয় পৰিচালনা সমিতির মুখ্য উপদেষ্টাৰ একাষাৰ

আজিৰ পৰা প্ৰায় কুৰি বছৰ পূৰ্বে আমাৰ সতি-সন্ততিক যুগোপযোগী শিক্ষা প্ৰদান কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যে ইউনিটেৰিয়ান জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।

বিদ্যালয়খনিয়ে ভাষাৰ দৈন্যতা দূৰ কৰি মাতৃভাষাক শিক্ষা-মাধ্যম হিচাপে গ্ৰহণ কৰাৰ লগতে সংযোগী ভাষা হিচাপে ইংৰাজী ভাষাৰ ওপৰতো পৰ্যাপ্ত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিযোগিতামুখী শিক্ষা আৰু সমাজ জীৱনত অসমীয়া মাধ্যমৰ শিক্ষা যে শিক্ষাজীৱন আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত কোনো বাধা নহয়, সেই বিষয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কেৱল বিদ্যায়তনিক দিশতেই নহয়, সহ-পাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি সকলো ক্ষেত্ৰত উপযোগী, সৎ আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰতো বিদ্যালয়খনিয়ে নিৰন্তৰ প্ৰয়াস কৰি আহিছে।

বিদ্যালয়খনিয়ে সময়োপযোগী শিক্ষা-প্ৰণালী আৰু পাঠ্যক্ৰম গ্ৰহণ কৰি, আমাৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজত নিহিত বৈজ্ঞানিক দিশসমূহ সামৰি লৈ, আজিৰ কিশোৰ-কিশোৰীসকলক আধুনিক পৃথিৱীৰ সৈতে বিজ্ঞানসম্মতভাৱে পৰিচিত কৰাৰ পণ লৈছে।

আহক, সকলো সংকীৰ্ণতাৰ ঊৰ্ধ্বত থাকি নিজস্ব চিন্তা আৰু কৰ্মৰ জৰিয়তে ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ জয়যাত্ৰাত অংশগ্ৰহণ কৰোঁ আৰু আমাৰ সতি-সন্ততিক সু-শিক্ষাৰে শিক্ষিত কৰি তোলোঁ।

(ফজলুল হক মৰল) মুখ্য উপদেষ্টা বিদ্যালয় পৰিচালনা সমিতি


অধ্যক্ষৰ মেজৰ পৰা

(অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি-নিৰ্দেশনাৰ আধাৰত প্ৰতিষ্ঠিত আৰু অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান) এই বিদ্যালয়খনে বিদ্যায়তনিক কৃতিত্ব আৰু সহ-পাঠ্যক্ৰমৰ বিকাশৰ জৰিয়তে নগাঁও তথা অসমৰ শৈক্ষিক মানদণ্ড ধাৰাবাহিকভাৱে উন্নত কৰাৰ লক্ষ্যৰে ২০০৫ চনত স্থাপিত হৈছিল।
২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শাখাত কলা শাখাৰ লগতে বিজ্ঞান শাখাৰো সংযোজন কৰা হৈছে, যাৰ ফলত গাঁও অঞ্চলত চহৰীয়া শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীসকলক আধুনিক আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰাই আমাৰ এই শিক্ষানুষ্ঠানৰ মূল উদ্দেশ্য। আধুনিক শিক্ষা ব্যৱস্থাত কম্পিউটাৰ শিক্ষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহ-পাঠ্যক্ৰম হিচাপে কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।
অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ দ্বাৰা গুণগত পাঠদান আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ সহায়ৰ ব্যৱস্থাও ৰখা হৈছে।
গতিকে, এই বৃহত্তৰ এলেকাৰ ৰাইজে আমাৰ এই শিক্ষানুষ্ঠানখন আগবঢ়াই নিয়াত সহায়-সহযোগ আগবঢ়াব বুলি আন্তৰিকভাৱে আশা কৰিলোঁ।
(অধ্যক্ষ)
ইউনিটেৰিয়ান জাতীয় বিদ্যালয়


বাতৰি আৰু জাননী

বিদ্যালয়খনৰ বৈশিষ্ট্যসমূহ-

৪) অসম বুৰঞ্জীৰ সম্যক জ্ঞান আহৰণ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
৫) শৈক্ষিক উদ্দেশ্যেৰে উপযুক্ত সময়ত অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা ঠাইসমূহলৈ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হয়।
৬) হাতে-কামে শিকাৰ সুবিধাৰ বাবে বিদ্যালয়খনত পৰীক্ষাগাৰৰ ব্যৱস্থা আছে।
৭) মানসম্পন্ন ‘ৰাজা ৰামমোহন ৰয় পাব্লিক লাইব্ৰেৰী’ নামৰ পুথিভঁৰাল আছে, যি ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে।
৮) সপ্তম আৰু অষ্টম শ্ৰেণীত সকলো ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষাদান কৰা হয়।
৯) প্ৰতিটো শ্ৰেণীত শিক্ষক-ছাত্ৰ অনুপাত বিজ্ঞানসম্মতভাৱে ৰখা হয়, যাতে প্ৰতিজন শিক্ষাৰ্থীয়ে যথেষ্ট মনোযোগ লাভ কৰে।
১০) কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাভাৱিক বিকাশত বিঘ্ন নাপাবলৈ স্কুল বেগ আৰু হ’মৱৰ্কৰ বোজা সীমিত কৰি ৰখা হয়।
১১) ঘৰুৱা শিক্ষক নিযুক্তিৰ প্ৰয়োজন নাথাকে; প্ৰতিজন শিক্ষাৰ্থীৰ সবল-দুৰ্বল দিশ আৰু অভিৰুচি বিষয়ে অভিভাৱকক অৱগত কৰা হয়।
১২) ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষাদানৰ মান মূল্যায়নৰ ব্যৱস্থা আছে।
১৩) নিৰ্দিষ্ট সময়ত শিক্ষকসকলে গৃহ পৰিদৰ্শন কৰি শিক্ষাৰ্থীৰ পঢ়াৰ পৰিৱেশ বুজ লয়।
১৪) বিদ্যালয়খনৰ বিস্তৃত শৈক্ষিক দিনপঞ্জীৰ আধাৰত সকলো কাৰ্যসূচী পৰিচালিত হয়।
১৫) সুখ্যাতিৰে বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থা আছে।
১৬) অংকুৰৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীৰ শীৰ্ষ ৩ জন মেধাৱী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়।
১৭) হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ আৰু লেটাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক বিশেষ বঁটা প্ৰদান কৰা হয়। লগতে বিভিন্ন পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীৰো সন্মান জনোৱা হয়।
১৮) উৎকৃষ্ট ফলাফলৰ বাবে বিষয় শিক্ষক/শিক্ষয়িত্ৰীক ‘Best Teacher’ পুৰস্কাৰ প্ৰদান কৰা হয়।
১৯) সপ্তাহত ৬ দিন নিয়মীয়াকৈ পাঠদান কৰা হয়। প্ৰতি শনিবাৰে সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সংগীত, কবিতা, নৃত্য, চিত্ৰাংকন, বক্তৃতা, কুইজ, তর্ক আদি অনুষ্ঠিত হয়।
২০) শিক্ষক-শিক্ষয়িত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বিষয়ভিত্তিক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
২১) সমাজৰ বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলৰ সৈতে শিক্ষাৰ্থীৰ মত-বিনিময়ৰ ব্যৱস্থা কৰি মূল্যবোধ আৰু শিষ্টাচাৰ গঢ়ি তোলা হয়।
২২) উন্নত মানৰ পাঠ্যপুথি আৰু প্ৰসংগ পুথি প্ৰকাশত বিদ্যালয়ে গুৰুত্ব দিয়ে।
২৩) শিক্ষক মূল্যায়নৰ আধাৰত শিক্ষাৰ্থীৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰা হয়।
২৪) ২০১৯ চনৰ ১ মে’ৰ পৰা কলা শাখা আৰু ২০২৩ চনৰ ১ মে’ৰ পৰা বিজ্ঞান শাখাত +২ স্তৰ আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত নামভৰ্তি কৰা হয়।
২৫) উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ উপৰিও অন্যান্য ক্ষেত্ৰত দক্ষতা বিকাশৰ ব্যৱস্থা আছে।
২৬) সহজ আৰু ফলপ্ৰসু পাঠদানৰ বাবে শিক্ষা-সঁজুলিৰ সুকীয়া ভঁৰাল গঢ়ি তোলা হৈছে।
২৭) স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে চতুৰ্থ শ্ৰেণীলৈকে নিয়মীয়াকৈ শাৰীৰিক শিক্ষা দিয়া হয়।
২৮) ইচ্ছুক শিক্ষাৰ্থীৰ বাবে বাছসেৱাৰ ব্যৱস্থা আছে (অভিভাৱকৰ সহযোগত)।
২৯) সাধাৰণ জ্ঞান আৰু সমসাময়িক বিষয়ত সচেতনতা বৃদ্ধিৰ বাবে ‘ইউনিটেৰিয়ান’ নামৰ বছৰেকীয়া আলোচনী প্ৰকাশ কৰা হয় (প্ৰথম সংখ্যা: মাৰ্চ ২০১৯)।
৩০) হাইস্কুল শিক্ষান্ত পৰীক্ষাত নূন্যতম ৭৫% নম্বৰ লাভ কৰা শিক্ষাৰ্থীক বিদ্যালয়ে বৃত্তি প্ৰদান কৰে।
৩১) অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে প্ৰতিকাৰমূলক পাঠদানৰ ব্যৱস্থা আছে আৰু সহানুভূতি, সহযোগিতা আৰু সামাজিক সংহতি গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টি কৰা হয়।

Read More .......

Image Gallery

Contact Us

Location:

Udmari, Singari Madrasa, Nagaon (Assam)

Call:

Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256