বিদ্যালয়খনৰ বৈশিষ্ট্যসমূহ
১) মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণৰ বিষয়টো বিজ্ঞানসন্মত বুলি মানি লৈও আমি বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত ইংৰাজী ভাষাৰ গুৰুত্ব অস্বীকাৰ কৰিব খোজা নাই। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী ভাষা আয়ত্ব কৰাৰ বিষয়ত যথোচিত গুৰুত্ব দিয়া হৈছে। আমি এই বিশ্বাসেৰে আগবাঢ়িছো যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধকৈ আৰু ভালকৈ অসমীয়া ভাষা কোৱা পঢ়া আৰু লিখাৰ লগতে শুদ্ধকৈ আৰু উন্নত মানৰ ইংৰাজী সমান দক্ষতাৰে কব, পঢ়িব আৰু লিখিব পৰা হ'ব৷ অৱশ্যে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ বাবে ইংৰাজী মাধ্যমত পাঠদান দিয়া হয় ।
২) বিদ্যালয়খনত ল'ৰা ছোৱালীৰ সহঃ শিক্ষাৰ ব্যৱস্থা আছে।
-
৩) বয়সৰ সীমা ২০২৫ শিক্ষাবৰ্ষত অংকুৰ শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৩ বছৰৰ পৰা ৪, কুহি শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৪ বছৰৰ পৰা ৫ আৰু সোপান শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৫ বছৰৰ পৰা ৬ বছৰ হ'ব। প্ৰথম শ্ৰেণীত ২০২৫ শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৬ বছৰ হ'ব। পৰৱৰ্তী শ্ৰেণীসমূহত বয়সৰ উচ্চসীমা শ্রেণী অনুযায়ী নিৰ্ধাৰণ কৰা হ'ব। দ্বাদশ শ্ৰেণীলৈ শিক্ষাদানৰ ব্যৱস্থা আছে।
৪) ছাত্র-ছাত্রী সকলে অসম বুৰঞ্জীৰ সম্যক জ্ঞান আহৰণ কৰাটো স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা হৈছে।
৫) শৈক্ষিক উদ্দেশ্যেৰে উপযুক্ত সময়ত ছাত্ৰ-ছাত্ৰীক অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাইবোৰ সুন্দৰ নৈসৰ্গিক দৃশ্যৰে ভৰা ঠাইবোৰ ভ্ৰমণ কৰোৱাটো বিদ্যালয়ৰ কৰ্মসূচীৰ অন্তৰ্ভূক্ত কৰা হৈছে।
৬) ছাত্র-ছাত্রীয়ে যাতে নিজ হাতে-কামে পৰীক্ষা নিৰীক্ষা কৰি কথাবোৰ শিকিব পাৰে তাৰবাবে বিদ্যালয়খনত পৰীক্ষাগাৰৰ
ব্যৱস্থা আছে।
৭) ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ পৰিপূৰক আহিলা আৰু বিদ্যালয়খনৰ অপৰিহাৰ্য অংগ হিচাপে মানবিশিষ্ট ৰাজা ৰামমোহন ৰয় পাব্লিক লাইব্ৰেৰী নামাৰে এখনি পুথিভঁৰাল আছে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাত মনোনিৱেশ কৰা হৈছে ।
৮) সপ্তম আৰু অষ্টম শ্রেণীত সকলো ছাত্র-ছাত্ৰীক কম্পিউটাৰ শিক্ষাদানৰ ব্যৱস্থা উপলব্ধ ৷
৯) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক প্ৰতিটো শ্ৰেণীতে এক বিজ্ঞানসন্মত অনুপাতত ৰখা হৈছে যাতে প্রতিজন শিক্ষার্থীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট মনোযোগ পায়।
১০) স্কুল বেগ আৰু হ'মৱৰ্কৰ হেঁচাত যাতে কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাভাৱিক বিকাশ বাধাপ্রাপ্ত নহয় তাৰ প্ৰতি বিশেষ মনোযোগ ৰাখি স্কুল বেগ আৰু হম ৱৰ্কৰ বোজা নিৰ্ধাৰণ কৰা হৈছে।
১১) ছাত্ৰ-ছাত্ৰীৰ বাবে অভিভাৱকে ঘৰুৱা শিক্ষক নিযুক্তি দিয়াৰ কোনো প্রয়োজন নাথাকে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সবল- - দুর্বল দিশবোৰ আৰু ৰাপ-অভিৰুচিৰ বিষয়ে অভিভাৱকক অৱগত কৰোৱা হয়।
১২) ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষাদানৰ মান মূল্যায়নৰ ব্যৱস্থা আছে।
১৩) নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে একোগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ঘৰুৱা পৰিবেশ পঢ়াৰ সা-সুবিধা আদি বিষয়ে বুজ
লোৱাৰ ব্যৱস্থা আছে।
১৪) বিদ্যালয়খনৰ বিস্তৃত শৈক্ষিক দিনপঞ্জী আছে আৰু সেইখনৰ আধাৰত বিদ্যালয়ৰ কাৰ্যসূচীসমূহ পৰিচালিত হয়।
১৫) সুখ্যাতিৰে এইখন বিদ্যালয়ৰ দেওনা পাৰ হোৱা ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদানৰ ব্যৱস্থা আছে।
১৬) অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ মেধাৱী অর্থাৎ স্থানপ্রাপ্ত প্রথম ৩ জনকৈ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা আগবঢ়োৱা হয়। তাৰ লগতে সময়ে সময়ে বিভিন্ন বঁটাসমূহ প্রদান কৰা হয়।
১৭) হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ আৰু লেটাৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিশেষ বঁটা সমূহ আগবঢ়োৱা হয়। তাৰোপৰি গোট পৰীক্ষা শ্ৰেণী পৰীক্ষা, ছয় মাহিলী পৰীক্ষা, বছেৰেকীয়া পৰীক্ষা আদিতো ভাল নম্বৰ লাভ কৰা ছাত্র-ছাত্রী সকলকো বিশেষ বঁটা প্ৰদান কৰা হয় ।
১৮) ভাল নম্বৰ লাভ কৰা বিষয় শিক্ষক/শিক্ষয়িত্ৰীক Best Teacher পুৰস্কাৰ প্ৰদান কৰা হয় |
১৯) বিদ্যালয়খনত সপ্তাহত ৬ দিন নিয়মীয়াকৈ পাঠদান কৰা হয়। প্রতি শনিবাৰে ছাত্র-ছাত্রীসকলক্ষ বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ জৰিয়তে সাংস্কৃতিক জ্ঞান বৃদ্ধি কৰা হয় । যেনে কণ্ঠ সংগীত, কবিতা আবৃত্তি, নৃত্য, চিত্রাংকন, আকস্মিক বক্তৃতা, কুইজ, তর্ক প্রতিযোগিতা আদি ।
২০) শিক্ষক শিক্ষয়িত্ৰীৰ শৈক্ষিক উৎকর্ষ সাধিবলৈ শিক্ষাদানৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত মাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰে শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বিষয়ভিত্তিক আলোচনা চক্র অনুষ্ঠিত হয়।
২১) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নীতি নিয়ম, শ্ৰদ্ধা আৰু অন্য মানুহৰ প্ৰতি সন্মান শিকাৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন বৃত্তিত পাৰদৰ্শী আৰু অভিজ্ঞ ব্যক্তিৰ লগত ছাত্ৰ-ছাত্ৰীৰ কথোপকথন কৰোৱা হয় যাতে তেনে ব্যক্তিৰ জীৱনৰ বৈচিত্ৰৰ সোৱাদ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাৰ পৰিসীমা প্ৰসাৰিত হয় আৰু শিষ্টাচাৰ, আচৰণৰ ভেটি সুদৃঢ় হয়।
২২) নতুন প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত বিভিন্ন বিষয়ত উন্নত মানৰ পাঠ্যপুথি আৰু প্ৰসংগ পুথি প্ৰকাশৰ দায়িত্ব বিদ্যালয়ে পালন কৰিছে।
২৩) শিক্ষক শিক্ষয়িত্ৰীৰ মূল্যায়নৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।
২৪) ২০১৯ চনৰ ১ মেৰ পৰা কলা বিভাগ আৰু ২০২৩ চনৰ ১ মে'ৰ পৰা বিজ্ঞান বিভাগ + ২ স্তৰ প্ৰৱৰ্তন কৰা হৈছে। নম্বৰৰ ভিত্তিত নামভৰ্তি আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিবলৈ +২ স্তৰ প্ৰৱৰ্তন কৰা হৈছে।
২৫) উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যক্ৰমৰ উপৰিও অন্যান্য দিশতো পাৰদৰ্শিতা দেখুৱাবলৈ শিক্ষাৰ্থী সকলক প্ৰস্তুত কৰি তোলা হৈছে।
২৬) বিভিন্ন শ্ৰেণীৰ বিভিন্ন বিষয়ৰ পাঠদান প্ৰক্ৰিয়া শিক্ষাৰ্থী সকলৰ বাবে ফলপ্ৰসু আৰু সহজে বোধগম্য কৰিব পৰাকৈ এটি শিক্ষা-সঁজুলিৰ সুকীয়া ভঁৰাল গঢ়ি তোলা হৈছে।
২৭) শিক্ষাৰ্থীসকলৰ স্বাস্থ্য সচেতনতা বৃদ্ধি কৰিবলৈ উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা চতুৰ্থ শ্ৰেণীলৈকে নিয়মীয়াকৈ শাৰিৰীক শিক্ষা দিয়া
হয় ।
২৮) ইচ্ছুক শিক্ষার্থী সকলৰ বাবে অভিভাৱকৰ দ্বাৰা পৰিচালিত উপযুক্ত বাছসেৱাৰ ব্যৱস্থা কৰা হৈছে।
২৯) ছাত্ৰ-ছাত্ৰী সকলৰ সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্যৰ বিকাশৰ লগতে সমসাময়িক ঘটনা প্ৰৱাহৰ লগত পৰিচিত কৰাই ৰখাৰ উদ্দেশ্যে ২০১৯ চনৰ মাৰ্চ মাহত 'ইউনিটেৰিয়ান' নামৰ বছেৰেকীয়া আলোচনীখনৰ ১ম সংখ্যা প্ৰকাশ কৰা হয় ।
৩০) ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ যিসকল শিক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নূন্যতম ৭৫% নম্বৰ লাভ কৰে তেনে শিক্ষাৰ্থীক প্ৰতি বছৰে ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ে বৃত্তি প্ৰদান কৰি আহিছে।
৩১) শৈক্ষিক ক্ষেত্ৰত তুলনামূলকভাৱে অনগ্ৰসৰ শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে প্ৰতিকাৰ মূলক পাঠদানৰ ব্যৱস্থা আছে লগতে ছাত্র-ছাত্রী সকলৰ মাজত সহযোগিতা, সহানুভৱিতা আৰু সামাজিক ভাৱে একত্ৰিত হোৱাৰ বাবে সুবিধা সৃষ্টি কৰা হয় ।
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya